স্বাগতম

ক’ৰনো পখীটি আহি গছৰ ডালত কৈ গ’ল মৰমৰ কথা, নীৰৱ গছৰ ডাল নীৰৱে থাকিল নুবুজিলে হৃদয়ৰ বেথা ৷ গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা, পূজিছিলা ধূপ-ধূনা লৈ, ৰাখিছিলা মন্দিৰৰ গুপুত কোণত মানুহৰ চকু-আঁৰকৈ!

পৰিচয়

এজন প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ,আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল| যতীন্দ্ৰনাথ দুৱৰা দেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টীত জন্ম হয়। দুৱৰা দেৱৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। দুৱৰা দেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৬০ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই পাছত অৱসৰ গ্ৰহণ কৰে| যতীন্দ্ৰনাথ দুৱৰা দেৱ আছিল চিৰ-কুমাৰ। কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃত্বতে তেওঁক বিয়াৰ বাবে পৰিয়াৰ হওঁক বা আন আত্মীয়-স্বজনেই হওঁক কোনেও বিশেষ যোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰ কুমাৰ হৈয়ে থাকি গল। দুৱৰা দেৱে চাহপাতৰ তিনি কোৱাৰ্টাৰ পাউণ্ড অসমৰ চাহ আৰু দুই কোৱাৰ্টাৰ পাউণ্ড দাৰ্জিলিংৰ চাহৰ মিশ্ৰণ আছিল। ৰন্ধা-বঢ়া ক্ষেত্ৰত ৰসৰাজৰ পত্নী প্ৰজ্ঞাসুন্দৰী দেৱীয়ে বহুতো কিটিপ তেওঁক শিকাই থৈ গৈছিল। তৰো পৰি তেওঁ পূজা-পাতল, পৰম্পৰাগত ৰীতি-নীতি আদি পালন কৰতা আগৰণুৱা আছিল। কলিকতাত থাকিও তেওঁৰ এই স্বভাৱ অকণো সলনি হোৱা নাছিল। ১৯৪০ চন মানৰ পৰা তেওঁ শিৱসাগৰৰ ঘৰলৈ ঘনাই আহিবলৈ লৈছিল। ১৯৪৭ চনত টাইফ্ৰয়েড ৰোগত আক্ৰন্ত হৈ তেওঁ কলিকতাৰ পৰা চিৰদিনলৈ ঘৰলৈ গুচি আহিছিল| [ৱিকিপেডিয়াৰ পৰা সংগ্রহ]


Sunday, July 28, 2013

ওমৰৰ আক্ষেপ

ওমৰৰ আক্ষেপ


ক'ত আজি সেই এৰেম ফুলনি, হাজাৰ গোলাপ ফুলিল য'ত,
জাম-চৈয়দৰ সাত বৰণীয়া ভুবন-বিজয়ী পিয়লা ক'ত?
এতিয়াও আছে আঙ্গুৰৰ বন,ঢালে এতিয়াও ৰাঙলী ধাৰা,
আছে তটিনীৰ কুলু-কুলু গান, নাই সেই প্ৰাণ উলাহ-ভৰা।
পুৱা কিৰণত লাখে লাখে ফুল ফুলিছে মলয়-পৰশ পাই,
কাষতেই তাৰ আৰু অসংখ্যাত নীৰলে লেৰেলি শুকায় যায়;
যাৰ পৰশত লাজুকী গোলাপে নাচিছে ৰঙেৰে ওৰণি থৈ,
সেই পৰশতে শত জাম্ছেদ, শত কৈকোবাদ কালত লয়।
সংসাৰৰ সুখ আশা কৰি নৰে আপোন পাহৰি লৰিছে, হায়!
কাৰোবা ভাগ্যত ফুলিছে সপোন, কাৰোবা ভাগ্যত একোৱে নাই।
কি লাভ ইয়াত খন্তেকীয়া সুখ, খন্তেকৰ পাছে আঁতৰি যায়?
মৰুৰ মাজত নিয়ৰৰ কণা পলায় পুৱাৰ পৰশ পাই।
সোণৰ ধনেৰে ভঁড়াল ভৰালে যিজনে অশেষ যতন কৰি,
একে উশাহতে উড়ালে সকলো সিজনে মনৰ সোঁতত পৰি;
হ'ল দুয়ো লয় এই মাটিতেই, একেদৰে শেষ জীৱন-খেলা,
ইয়াৰ পাছত আহি মৰতত আৰু কি পাতিব মোহন মেলা?
কোনোবা বলিয়া সুখ সুখ কৰি এই পৃথিৱীক সাবটি ধৰি;
কোনোৱে ভাবিছে মৰণৰ পাছে, পাম সঁচাকৈয়ে সুখৰ পুৰী;
তহঁতৰ সুখ নাই ক'তো হেৰ',
নিঠুৰ মৰণে চিঞৰি কয়-
মূর্খ তহঁত, অলীক ভাৱনা ভাবি কৰ কিয় জীৱন ক্ষয়?
জুৰি দুই কৰ, সৰগ ধিয়াই সুধিলোঁ কাতৰে, জীৱন-স্বামী,
কোন পোহৰত যাওঁ আগবাঢ়ি তিমিৰ পথৰ যাত্ৰী আমি।
গর্জিলে সৰগে গহীন সুৰেৰে, "নাই নাই ক'তো অলোক-পথ;
অন্ধ নিয়তিৰ অন্ধ বিশ্বাসত চলে মানৱৰ জীৱন-ৰথ"।

0 টা মন্তব্য:

Post a Comment