স্বাগতম

ক’ৰনো পখীটি আহি গছৰ ডালত কৈ গ’ল মৰমৰ কথা, নীৰৱ গছৰ ডাল নীৰৱে থাকিল নুবুজিলে হৃদয়ৰ বেথা ৷ গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা, পূজিছিলা ধূপ-ধূনা লৈ, ৰাখিছিলা মন্দিৰৰ গুপুত কোণত মানুহৰ চকু-আঁৰকৈ!

পৰিচয়

এজন প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ,আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল| যতীন্দ্ৰনাথ দুৱৰা দেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টীত জন্ম হয়। দুৱৰা দেৱৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। দুৱৰা দেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৬০ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই পাছত অৱসৰ গ্ৰহণ কৰে| যতীন্দ্ৰনাথ দুৱৰা দেৱ আছিল চিৰ-কুমাৰ। কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃত্বতে তেওঁক বিয়াৰ বাবে পৰিয়াৰ হওঁক বা আন আত্মীয়-স্বজনেই হওঁক কোনেও বিশেষ যোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰ কুমাৰ হৈয়ে থাকি গল। দুৱৰা দেৱে চাহপাতৰ তিনি কোৱাৰ্টাৰ পাউণ্ড অসমৰ চাহ আৰু দুই কোৱাৰ্টাৰ পাউণ্ড দাৰ্জিলিংৰ চাহৰ মিশ্ৰণ আছিল। ৰন্ধা-বঢ়া ক্ষেত্ৰত ৰসৰাজৰ পত্নী প্ৰজ্ঞাসুন্দৰী দেৱীয়ে বহুতো কিটিপ তেওঁক শিকাই থৈ গৈছিল। তৰো পৰি তেওঁ পূজা-পাতল, পৰম্পৰাগত ৰীতি-নীতি আদি পালন কৰতা আগৰণুৱা আছিল। কলিকতাত থাকিও তেওঁৰ এই স্বভাৱ অকণো সলনি হোৱা নাছিল। ১৯৪০ চন মানৰ পৰা তেওঁ শিৱসাগৰৰ ঘৰলৈ ঘনাই আহিবলৈ লৈছিল। ১৯৪৭ চনত টাইফ্ৰয়েড ৰোগত আক্ৰন্ত হৈ তেওঁ কলিকতাৰ পৰা চিৰদিনলৈ ঘৰলৈ গুচি আহিছিল| [ৱিকিপেডিয়াৰ পৰা সংগ্রহ]


Sunday, July 14, 2013

মগনিয়াৰ

মগনিয়াৰ
[যতীন্দ্ৰ নাথ দুৱৰা]

মই বাটেদি গৈ আছিলোঁ এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি।
তাৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ...
হৰি হৰি! সি দুখত পৰি কেনেকুৱা হৈছে চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য!
সি সেই উখহা অপৰিস্কাৰ হাত খন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সুমাই একোকে নাপালোঁ- টকা নাই, ঘড়ী নাই, অইন কি এখন উর্মালো নাই, মই মোৰ লগত একোকে অনা নাছিলোঁ।
মগনিয়াটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুর্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন
সাৱটি ধৰিলোঁ আৰু কলোঁ-''ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।''
মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে শেতা ওঁঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, '' কি হ'ল, একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইও যে এটা দান।''
ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।

0 টা মন্তব্য:

Post a Comment