স্বাগতম

ক’ৰনো পখীটি আহি গছৰ ডালত কৈ গ’ল মৰমৰ কথা, নীৰৱ গছৰ ডাল নীৰৱে থাকিল নুবুজিলে হৃদয়ৰ বেথা ৷ গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা, পূজিছিলা ধূপ-ধূনা লৈ, ৰাখিছিলা মন্দিৰৰ গুপুত কোণত মানুহৰ চকু-আঁৰকৈ!

পৰিচয়

এজন প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ,আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল| যতীন্দ্ৰনাথ দুৱৰা দেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টীত জন্ম হয়। দুৱৰা দেৱৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। দুৱৰা দেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৬০ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই পাছত অৱসৰ গ্ৰহণ কৰে| যতীন্দ্ৰনাথ দুৱৰা দেৱ আছিল চিৰ-কুমাৰ। কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃত্বতে তেওঁক বিয়াৰ বাবে পৰিয়াৰ হওঁক বা আন আত্মীয়-স্বজনেই হওঁক কোনেও বিশেষ যোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰ কুমাৰ হৈয়ে থাকি গল। দুৱৰা দেৱে চাহপাতৰ তিনি কোৱাৰ্টাৰ পাউণ্ড অসমৰ চাহ আৰু দুই কোৱাৰ্টাৰ পাউণ্ড দাৰ্জিলিংৰ চাহৰ মিশ্ৰণ আছিল। ৰন্ধা-বঢ়া ক্ষেত্ৰত ৰসৰাজৰ পত্নী প্ৰজ্ঞাসুন্দৰী দেৱীয়ে বহুতো কিটিপ তেওঁক শিকাই থৈ গৈছিল। তৰো পৰি তেওঁ পূজা-পাতল, পৰম্পৰাগত ৰীতি-নীতি আদি পালন কৰতা আগৰণুৱা আছিল। কলিকতাত থাকিও তেওঁৰ এই স্বভাৱ অকণো সলনি হোৱা নাছিল। ১৯৪০ চন মানৰ পৰা তেওঁ শিৱসাগৰৰ ঘৰলৈ ঘনাই আহিবলৈ লৈছিল। ১৯৪৭ চনত টাইফ্ৰয়েড ৰোগত আক্ৰন্ত হৈ তেওঁ কলিকতাৰ পৰা চিৰদিনলৈ ঘৰলৈ গুচি আহিছিল| [ৱিকিপেডিয়াৰ পৰা সংগ্রহ]


Friday, July 5, 2013

শূন্য পৰিচয়

মোৰ এই হিয়াখনি                জেতুকা পাতৰ দৰে
        সেউজীয়া বননিৰ বৰণেৰে ঢকা;
অন্তৰ জলোৱা ছবি                অতীতৰ স্মৃতি লই
        বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা |
কত জন কাষলই                কতভাৱে আহি মোৰ
        তোলায় হিয়াত মোৰ সকৰুণ তান;
শূন্যত বিয়পি পৰি                শূন্যতেই যায় মাৰ
        ভাগ্যহীন জীৱনৰ সুৰহীন গান |
বিষাদ-বিননি মোৰ                গুজৰি গুমৰি উঠে;
        হ’ব পাৰে ইও এটি সপোনৰ ৰেখা;
সপোনৰ শেষ হ’লে                মোহ-জাল আঁতৰিলে
        দুনাই এনুৱাভাৱে দিবা জানো দেখা ?
জীৱনৰ আঁৰতেই                আছো মই সংসাৰত
        ছায়া মাথোঁ কায়াহীন বিফল বাসনা;
উটাই বুৰাই সোঁতে                টানি লই ফুৰে মোক
        প্ৰেমৰ মধুৰ ছবি অলীক কল্পনা |
অনাদৰ অৱহেলা                সকলো গোটাই লই
        ৰচোঁ মই জীৱনৰ কুসুম-কানন,

ইযে মোৰ কপালত                বিধিৰ নিঠুৰ লেখা
        এয়ে মোৰ জীৱনৰ কাঁইটীয়া বন |
নিৰলে থাকিম বুলি                সাজিছো ইয়াতে পজাঁ
        দাঁতিয়েদি বই যায় পাহৰণি-নই,
ধুনীয়া জোনাক ৰাতি        বহি তাৰ পাৰতেই
        শুনাম জীৱন-গীতি বীণখণি লই |
আকুল উদাৰ সুৰে                উঠিব জগত জুৰি
        গভীৰ বেদনা-ৰাশি অন্তৰ মাজৰ,
নেলাগে চেনেহ কাৰো        নিবিচাৰোঁ হুমুনিয়া
        সাগৰতে মাৰ যায় ঢউ সাগৰৰ |
দিনে দিনে দিন গই         মাহত মিলিব আহি
        মাহ আহি শেষ হয় বছৰ-বুকুত;
কালৰ পুতলা আমি                পাতোঁ নতুনৰ মেলা
        নতুন ৰহণ সানি পুৰণি চকুত |
এনেদৰে থাকোঁতেই                হঠাতে এদিন আহি
        কাল-পছোৱাই দিব চাকিটি নুমাই,
নিচিনা বাটেদি মোক        নজনা দেশৰ পিনে
        নিয়তিয়ে হাত ধৰি নিব আগুৱাই |
আকাশৰ জোন বেলি        চিৰকাল একেদৰে
        ওলাব সোমাব নিতে সন্ধিয়া পুৱাত
জহ জাৰ বাৰিষাত                বনফুল কুঁহিপাতে
        নিতউ নতুন বেশ বিলাব ধৰাত |
সংসাৰৰ বেচা কিনা                চলিব সদায় একে,
        মাথোঁ মোৰ দেহা হ’ব অনন্তত লয়;
পাহৰণি-নইখনি                পঁজাৰ কাষেদি বই
        দিব জগতত মোৰ শূন্য পৰিচয় |

0 টা মন্তব্য:

Post a Comment