স্বাগতম

ক’ৰনো পখীটি আহি গছৰ ডালত কৈ গ’ল মৰমৰ কথা, নীৰৱ গছৰ ডাল নীৰৱে থাকিল নুবুজিলে হৃদয়ৰ বেথা ৷ গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা, পূজিছিলা ধূপ-ধূনা লৈ, ৰাখিছিলা মন্দিৰৰ গুপুত কোণত মানুহৰ চকু-আঁৰকৈ!

পৰিচয়

এজন প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ,আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল| যতীন্দ্ৰনাথ দুৱৰা দেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টীত জন্ম হয়। দুৱৰা দেৱৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। দুৱৰা দেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৬০ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই পাছত অৱসৰ গ্ৰহণ কৰে| যতীন্দ্ৰনাথ দুৱৰা দেৱ আছিল চিৰ-কুমাৰ। কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃত্বতে তেওঁক বিয়াৰ বাবে পৰিয়াৰ হওঁক বা আন আত্মীয়-স্বজনেই হওঁক কোনেও বিশেষ যোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰ কুমাৰ হৈয়ে থাকি গল। দুৱৰা দেৱে চাহপাতৰ তিনি কোৱাৰ্টাৰ পাউণ্ড অসমৰ চাহ আৰু দুই কোৱাৰ্টাৰ পাউণ্ড দাৰ্জিলিংৰ চাহৰ মিশ্ৰণ আছিল। ৰন্ধা-বঢ়া ক্ষেত্ৰত ৰসৰাজৰ পত্নী প্ৰজ্ঞাসুন্দৰী দেৱীয়ে বহুতো কিটিপ তেওঁক শিকাই থৈ গৈছিল। তৰো পৰি তেওঁ পূজা-পাতল, পৰম্পৰাগত ৰীতি-নীতি আদি পালন কৰতা আগৰণুৱা আছিল। কলিকতাত থাকিও তেওঁৰ এই স্বভাৱ অকণো সলনি হোৱা নাছিল। ১৯৪০ চন মানৰ পৰা তেওঁ শিৱসাগৰৰ ঘৰলৈ ঘনাই আহিবলৈ লৈছিল। ১৯৪৭ চনত টাইফ্ৰয়েড ৰোগত আক্ৰন্ত হৈ তেওঁ কলিকতাৰ পৰা চিৰদিনলৈ ঘৰলৈ গুচি আহিছিল| [ৱিকিপেডিয়াৰ পৰা সংগ্রহ]


Friday, July 5, 2013

অতীতক নেযাবা পাহৰি

চেনেহৰ সখা মোৰ           শেষ অনুৰোধ
           অতীতক নেযাবা পাহৰি,
সমাপি জীৱন খেলা          বসুধা বুকুত
           যাম গৈ যিদিনা আঁতৰি,
           অতীতক নেযাবা পাহৰি৷

সুখে দুখে জীৱনৰ           ফুৰে পাছে পাছে
           অতীতৰ মধুৰ সপোন,
নিমিষতে বিষাদত           ধৰেহি আগত
           এৰি অহা প্রেমৰ দাপোন,
           অতীতৰ মধুৰ সপোন৷

কঁপি থকা ওঁঠ দুটি           নোৱাৰে ফুটাব
          যাওঁ বোলা বিদায়ৰ বাণী;
দুগালে বাগৰি যায়            চকুলো দুধাৰি,
          মাগো মাথোঁ শেষৰ মেলানি,
          যাওঁ বোলা বিদায়ৰ বাণী৷

বিষাদ-ডাৱৰে ঢাকে          জীৱন-আকাশ,
        পোহৰৰ লেশ মাথোঁ নাই;
এখুজি দুখুজি কৰি         ধীৰে ধীৰে দেহি,
         বাটৰুৱা যায় আগুৱাই,
        পোহৰৰ লেশ মাথোঁ নাই৷

আন্ধাৰ-মুধাৰ বাট          নমনি একোকে
        সমুখত স্মৃতিৰ শ্মশান;
কতনো প্ৰেমৰ ছবি         লৈ গৈ তাতে
        তোলে এটি সকৰুণ তান,
        সমুখত স্মৃতিৰ শ্মশান৷

তাৰে মাজেদিয়ে যায়      বাটৰুৱা মোৰ
        সুখৰ দুখৰ গান শুনি,
আশা নিৰাশাৰ ৰেখ      বুকুৰ মাজত
        আঁকি লৈ অকলে আপুনি,
        সুখৰ দুখৰ গান শুনি৷

শুকুলা পাখিৰে সৌ      নাওখনি লই
        নাৱৰীয়া আছে বাট চাই,
উঠিম যেতিয়া মই      নাৱৰ বুকুত,
        নাও মেলি যাব ভটীয়াই,
        নাৱৰীয়া আছে বাট চাই৷

দূৰত গৰজে শুনা       অনন্ত সাগৰ
        পৰ্ব্বত সমান ঢৌ তুলি,
বাহু-তোলা মৰণৰ     শেষ আলিঙ্গনে
        চিন-চাব নেৰাখে সমূলি,
        পৰ্ব্বত সমান ঢৌ তুলি৷

অনাদৰ-অৱহেলা      যত জগতৰ
        সুখ-দুখ সকলো পাহৰি,
সকলোকে অন্তৰৰ     প্ৰণাম জনাই
        নাও মেলি আহিলোঁ আঁতৰি,
        সুখ-দুখ সকলো পাহৰি৷

সন্ধিয়াৰ আকাশৰ     সৰু তৰাটিৰ
        সাদৰৰ শেষ আৱাহন,
সেউজীয়া প্ৰকৃতিৰ    কোমল কোলাত
        খেলা মোৰ হ’ল সমাপন,
        সাদৰৰ শেষ আৱাহন ৷      
        নাও মেলি আহিলোঁ আঁতৰি,
        অতীতক নেযাবা পাহৰি৷

1 টা মন্তব্য:

Post a Comment