স্বাগতম
ক’ৰনো পখীটি আহি গছৰ ডালত কৈ গ’ল মৰমৰ কথা, নীৰৱ গছৰ ডাল নীৰৱে থাকিল নুবুজিলে হৃদয়ৰ বেথা ৷ গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা, পূজিছিলা ধূপ-ধূনা লৈ, ৰাখিছিলা মন্দিৰৰ গুপুত কোণত মানুহৰ চকু-আঁৰকৈ!
পৰিচয়
এজন প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথম গৰাকী অসমীয়া সাহিত্যিক আছিল। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰা দেৱে
অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল,পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ,আদি কবি সকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল| যতীন্দ্ৰনাথ দুৱৰা দেৱৰ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টীত জন্ম হয়। দুৱৰা দেৱৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা। দুৱৰা দেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৬০ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰ পৰাই পাছত অৱসৰ গ্ৰহণ কৰে| যতীন্দ্ৰনাথ দুৱৰা দেৱ আছিল চিৰ-কুমাৰ। কিন্তু তেওঁৰ এই অৱস্থাটোৰ বাবে তেওঁ সৰ্ম্পূণৰূপে জগৰীয়া নাছিল, তেওঁৰ আত্মীয়-স্বজনো ইয়াৰ বাবে জগৰীয়া আছিল। প্ৰকৃত্বতে তেওঁক বিয়াৰ বাবে পৰিয়াৰ হওঁক বা আন আত্মীয়-স্বজনেই হওঁক কোনেও বিশেষ যোৰ দিয়া নাছিল। সেয়ে তেওঁ চিৰ কুমাৰ হৈয়ে থাকি গল। দুৱৰা দেৱে চাহপাতৰ তিনি কোৱাৰ্টাৰ পাউণ্ড অসমৰ চাহ আৰু দুই কোৱাৰ্টাৰ পাউণ্ড দাৰ্জিলিংৰ চাহৰ মিশ্ৰণ আছিল। ৰন্ধা-বঢ়া ক্ষেত্ৰত ৰসৰাজৰ পত্নী প্ৰজ্ঞাসুন্দৰী দেৱীয়ে বহুতো কিটিপ তেওঁক শিকাই থৈ গৈছিল। তৰো পৰি তেওঁ পূজা-পাতল, পৰম্পৰাগত ৰীতি-নীতি আদি পালন কৰতা আগৰণুৱা আছিল। কলিকতাত থাকিও তেওঁৰ এই স্বভাৱ অকণো সলনি হোৱা নাছিল। ১৯৪০ চন মানৰ পৰা তেওঁ শিৱসাগৰৰ ঘৰলৈ ঘনাই আহিবলৈ লৈছিল। ১৯৪৭ চনত টাইফ্ৰয়েড ৰোগত আক্ৰন্ত হৈ তেওঁ কলিকতাৰ পৰা চিৰদিনলৈ ঘৰলৈ গুচি আহিছিল|
[ৱিকিপেডিয়াৰ পৰা সংগ্রহ]
Tuesday, July 9, 2013
নিঃসংগতা
Posted on 9:51 PM
by
Lakhya Prohor Bordoloi
নিঃসংগ পখী মই,
কেনি যাওঁ উৰি,
কেনি মোৰ আপোন বাহ,
কোনে চাই ঘুৰি...
সময়ৰ কুঁটাডাল কেনিবা হেৰায়,
মোৰে বুকুখনিত আজি স্মৃতিয়ে জিৰায়...
Tweet
Categories:
কথা কবিতা
,
কবিতা
Newer Post
Older Post
Home
0 টা মন্তব্য:
Post a Comment
Search
শ্রদ্ধাৰ্ঘ্য
"মোৰ গান ময়ে গাওঁ
শুনি ময়ে তল যাওঁ
গানৰ শেষত-
শুনোতা গাওঁতা দুয়ো এক হৈ পাৰকে নাপাওঁ..."
আজি ৫ জুলাই,যতীন্দ্রনাথ দুৱৰাদেৱৰ মৃত্যুদিৱস।
মোৰ প্রিয় কবি তেখেত...
শিশুৰ দৰে সৰল,পবিত্র
তেখেতৰ কবিতাৰ
ভাষাত সৰুৰেপৰাই
মই জীৱনক বিচাৰি পাওঁ,
বিচাৰি পাই
মই যেন হেৰাই যাওঁ
সেই ছন্দত...
যদিও তেখেতৰ প্রায়বোৰ সৃষ্টিতেই
নিৰাশা প্রতিফলিত,
ক'ৰবাত জ্বলি থাকে
ৰিণিৰিণি আশাৰ প্রদীপ।
দুখৰ গৰল পান কৰিও
তেওঁ যেন নিজৰ লগতে আনক
সান্ত্বনা দিবলৈকে
লিখিলে-
"সময়ৰ প্রতিশোধ
কোনে বাধা দিব,
জগতত অকলশৰীয়া,
যাওঁক উটি যেনিতেনি
সোঁতৰ লগতে,
মেলি দিয়া নাওঁ নাৱৰীয়া।"
পঢ়ি চাওঁক
জীৱন এনেদৰেই
জীৱনবোৰ এটা এটা বালিকণা.,
ইটো-সিটো মিলি
কেতিয়াবা শিল হয়,
কেতিয়াবা পিষ্ট হৈ হৈ
হেৰাই যায় এনেদৰেই.,
যিদৰে মৃতকৰ ছাঁইবোৰ নৈত
উটি যায়..!
যোৱা আগুৱাই...
যোৱা আগুৱাই... বিষাদ-ডাৱৰে ঢাকে জীৱন-আকাশ, পোহৰৰ লেশ মাথোঁ নাই, এখুজি দুখুজি কৰি ধীৰে ধীৰে দেহি, বাটৰুৱা যায় আগুৱাই | পোহৰৰ লেশ মাথোঁ নাই |
অন্য ব্লগৰ ঠিকনা
.
ইটো সিটো
কথা কবিতা
কবিতা
অন্য কিছু কথা
মুখ্য পৃষ্ঠা
0 টা মন্তব্য:
Post a Comment