
ওমৰৰ আক্ষেপ
ক'ত আজি সেই এৰেম ফুলনি, হাজাৰ গোলাপ ফুলিল য'ত,জাম-চৈয়দৰ সাত বৰণীয়া ভুবন-বিজয়ী পিয়লা ক'ত?এতিয়াও আছে আঙ্গুৰৰ বন,ঢালে এতিয়াও ৰাঙলী ধাৰা,আছে তটিনীৰ কুলু-কুলু গান, নাই সেই প্ৰাণ উলাহ-ভৰা।পুৱা কিৰণত লাখে লাখে ফুল ফুলিছে মলয়-পৰশ পাই,কাষতেই তাৰ আৰু অসংখ্যাত নীৰলে লেৰেলি শুকায় যায়;যাৰ পৰশত লাজুকী গোলাপে নাচিছে ৰঙেৰে ওৰণি থৈ,সেই পৰশতে শত জাম্ছেদ, শত কৈকোবাদ কালত লয়।সংসাৰৰ সুখ আশা কৰি নৰে আপোন পাহৰি লৰিছে, হায়!কাৰোবা ভাগ্যত ফুলিছে সপোন, কাৰোবা...